এয়াই ভাগ্য! এশ টকাত টিকট কিনি ৭৬ লাখ টকীয়া ৰেঞ্জ ৰভাৰৰ গৰাকী হ’ল ট্ৰেক্টৰ চালক ইনজামুল

549

এশ টকাত টিকট ক্ৰয় কৰি ৰেঞ্জ ৰভাৰৰ দৰে গাড়ীৰ গৰাকী হ’ল এজন সাধাৰণ ট্ৰেক্টৰ চালক। বৰপেটা জিলাৰ হাউলীৰ ঐতিহাসিক ৰাস মহোৎসৱ উপলক্ষ্যে প্ৰতি বছৰে আয়োজিত সুপ্ৰসিদ্ধ লটাৰী খেলত প্ৰথম পুৰস্কাৰ জয় কৰিবলৈ সক্ষম হয় যুৱকজনে।

বৰপেটাৰ কালজাৰৰ নিৱাসী ইনজামুল হক নামৰ সাধাৰণ ট্ৰেক্টৰ চালকজনে হাউলী ৰাসৰ লটাৰীৰ দুটা টিকট ক্ৰয় কৰিছিল। ইফালে দেওবাৰে এই ভাগ্য পৰীক্ষাৰ খেলৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে থকা ৰেঞ্জ ৰভাৰ গাড়ীখন লাভ কৰে ইনজামুলে।

পুৰস্কাৰ লাভৰ পিছত আনন্দ ব্যক্ত কৰি ইনজামুলে কয়, ”মই হাউলীৰ ৰাসৰ লটাৰীৰ দুটা টিকট ক্ৰয় কৰিবলৈ ৫ ঘণ্টা সময় অপেক্ষা কৰিছিলো। ভৱা নাছিলো যে মই পুৰস্কাৰ লাভ কৰিম। কিন্তু ফলাফল ঘোষণাৰ পিছত এজন বন্ধুৱে মই প্ৰথম পুৰস্কাৰ লাভ কৰা বুলি জনায়। সেইদিনা নিশা মই আনন্দত টোপনি মাৰিব পৰা নাছিলো।’’

উল্লেখ্য যে, হাউলী ৰাস মহোৎসৱ উপলক্ষ্যে আয়োজিত লটাৰীৰ প্ৰতিটো টিকটৰ মূল্য আছিল ১০০ টকা। এই ভাগ্য পৰীক্ষাৰ খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে আছিল প্ৰায় ৭৬ লাখ টকা মূল্যৰ এখন ৰেঞ্জ ৰভাৰ। তাৰ পিছতে আছিল এখন টয়’টা ফৰ্চুনাৰ, এখন স্ক’ৰপিঅ’, এখন স্কোডা কুচাক আৰু এখন নেক্সন বাহন।