এমাহতে দ্বিতীয়টো ঘটনা! উত্তৰ প্ৰদেশত হত্যাৰ বলি সাংবাদিক

88

ডিজিটেল ডেস্ক:- যোৱা ২২ জুনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সন্তানৰ সন্মুখতে এগৰাকী সাংবাদিকক গুলীয়াই হত্যা কৰাৰ ঘটনাক লৈ চাঞ্চল মাৰ নৌযাওতেই এইবাৰ পুনৰ ৰাজ্যখনত হত্যাৰ বলি হ’ল আন এগৰাকী সাংবাদিক। উত্তৰ প্ৰদেশৰ বালিয়া জিলাত সোমবাৰে নিশা হত্যাৰ বলি হ’লে এটা হিন্দী বৈদ্যুতিন মাধ্যমৰ এগৰাকী সাংবাদিক। হত্যাৰ বলি হোৱা সাংবাদিকগৰাকীৰ নাম ৰতন সিং (৪৫) বুলি জানিব পৰা গৈছে।

বালিয়া আৰক্ষীয়ে সদৰি কৰা মতে, হত্যাকাৰী ৰতন সিঙৰ সহযোগী আছিল। দুয়োৰে মাজত কোনো পুৰণি কথাক লৈ বিবাদৰ সূত্ৰপাত হোৱাত গাঁওপ্ৰধানৰ ঘৰতে সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অতি সোনকালেই হত্যাকাৰী আৰু অন্যান্য অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশ্বাস দিছে বালিয়াৰ এএছপি সঞ্জয় যাদৱে।