এবছৰৰ বাবে নিষিদ্ধ গুটখা আৰু পান মচলাৰ নিৰ্মাণ, সঞ্চয় আৰু বিক্ৰী

154

পশ্চিম বংগ চৰকাৰে গুটখা আৰু পান মচলা নিৰ্মাণ, সঞ্চয় আৰু বিক্ৰীৰ ওপৰত এক বছৰৰ নিষেধাজ্ঞা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ৭ নৱেম্বৰ, ২০২১ ৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব। পশ্চিম বংগৰ স্বাস্থ্য বিভাগে জাৰি কৰা এক জাননী অনুসৰি, জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬-ৰ ধাৰা ৩০-এ খাদ্য সুৰক্ষা আয়ুক্তক সমগ্ৰ ৰাজ্যত যিকোনো খাদ্য সামগ্ৰী নিৰ্মাণ, সঞ্চয়, বিতৰণ বা বিক্ৰীৰ ওপৰত এনে ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষমতা প্ৰদান কৰে। উল্লেখ্য যে, পশ্চিম বংগত এবছৰ আগতেও গুটখা আৰু ধপাতৰ মচলা নিষিদ্ধ কৰা হৈছিল। সেই ম্যাদ শেষ হোৱাৰ আগতে নতুন নিৰ্দেশনা জাৰী কৰা হৈছে।