এপৰ জৰিয়তে এইবাৰ হেকাৰে উৰুৱাই দিলে ৯.৯ কোটি ভাৰতীয়ৰ গোপন তথ্য

84

এইবাৰ হেকাৰে Mobikwikৰ ভাৰতীয় ব্যৱহাৰকাৰীৰ গোপন তথ্যৰ ওপৰত চকু দিয়াৰ লগতে হেক কৰিছে বহু তথ্য। ইয়াৰ ভিতৰত আছে Mobikwik ব্যৱহাৰকাৰীৰ ম’বাইল নম্বৰ, বেংক একাউণ্টৰ বিৱৰণ, ই-মেইল আৰু ক্ৰেডিট কাৰ্ডৰ নম্বৰ। অৱশ্যে Mobikwik কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে এই ঘটনা।

কিছুদিন ধৰি ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীক নিজৰ টাৰ্গেটৰ বলি বনাই আহিছে হেকাৰে আৰু বিগত কেইদিনমানত হেকাৰৰ এনে কাৰ্য বৃদ্ধি পাবলৈ লৈছে। সম্প্ৰতি হেকাৰে দাবী কৰিছে যে তেওঁলোকে পেমেণ্ট এপ মোবিকুইক(Mobikwik)ৰ লাখ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ ডাটা হেক কৰিছে। এই এপৰ পৰা প্ৰতিদিনে ১০ লাখতকৈও অধিক ধনৰ লেনদেন কৰা হয় আৰু বৰ্তমানে এই এপটোৰ ৩০ লাখৰো অধিক ব্যৱসায়ী সৈতে জড়িত হৈ আছে ৷ লগতে ইয়াৰ গ্ৰাহকৰ সংখ্যাও ১২ কোটিতকৈ অধিক।