এপ্ৰিল মাহৰ প্ৰথম দিনাই চৰকাৰৰ ৰামটাঙোন জনসাধাৰণৰক।এই মন্তব্য নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰৰ।
আজি নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰ উপস্থিত হৈ চৰকাৰৰ অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ চৰকাৰক তীব্র সমালোচনা কৰে চৰকাৰক। চৰকাৰে আজিৰ পৰা জীৱনদায়িনী ঔষধ,টুলটেক্স,বিদ্যুৎকে আধি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ ৰাইজক ৰামটাঙোন সোধাইছে আৰু বনিক গোষ্ঠীক সহায় কৰিছে চৰকাৰে।লগতে নেতা গৰাকীয়ে আৰু কয় যে, যিসকল নেতা মন্ত্ৰীয়ে টুলটেক্স নিদিয়ে,সেই টুলটেক্স সাধাৰণ ৰাইজে হে আদায় দিয়ে।বৰ্তমান মূল্যবৃদ্ধিয়ে অসমৰ ৰাইজক জুৰুলা কৰিছে তাতে ভূতৰ ওপৰত দানৱ পৰা দি পুনৰ মূল্য বৃদ্ধি কৰা ঘটনাই এতিয়া সাধাৰণ ৰাইজ অধিক শোচনীয় হৈ পৰিছে।
