এপ্রিল মাহৰপৰা ৰিচার্জ প্লেনৰ দাম বাঢ়িব এয়াৰটেল, জিঅ’, বিএচএনএল আৰু ভিৰ। এফালে যিদৰে চেঞ্চুৰী মাৰিছে পেট্র’লৰ দাম আৰু গেছৰ দামে, আনফালে একেকোবে অধিক পৰিমাণত বৃদ্ধি পাব ম’বাইল ৰিচাৰ্জৰ খৰচ ৷ কাৰণ, টেলিকম সংস্থাসমূহে তেওঁলোকৰ শুল্ক বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এয়াৰটেল, জিঅ’, বিএচএনএল আৰু ভিয়ে তেওঁলোকৰ বৰ্তমানৰ শুল্কৰ পৰিমাণ বঢ়োৱাৰ প্রস্তুতি চলাইছে ৷ ইনভেষ্টমেন্ট ইনফৰমেচন এণ্ড ক্রেডিট ৰেটিং এজেন্সি (আইচিআৰএ)ৰ ফালৰপৰা জানিব পৰা গৈছে সংস্থাসমূহে অহা ২০ এপ্রিলৰপৰা ২২ আগষ্টলৈকে আর্থিক ক্ষেত্ৰত আয় বঢ়াবলৈ শুল্ক বঢ়াব লগা হ’ব পাৰে।
ইয়াৰ আগত ভ’ডাফোন আৰু আইডিয়াই ইঙ্গিত দিছিল অহা সময়চোৱাত শুল্কৰ পৰিকল্পনা বঢ়োৱা হ’ব। এই মূল্য ২২০ টকা পর্যন্ত বাঢ়িব পাৰে বুলি অনুমান কৰা হৈছে।
প্রতিবেদনত কোৱা হৈছে, আইচিআৰএ-য়ে পৰ্যবেক্ষণ কৰি বুজিব পাৰিছে যে টাৰিফ বৃদ্ধিয়ে গড় আয়ক উন্নত কৰিব। আইচিআৰএ-য়ে জনাইছে, টাৰিফ বৃদ্ধি আৰু গ্রাহকসকলৰ ২জি ৰপৰা ৪জি উন্নীতকৰণে প্রতি ব্যৱহাৰকাৰীৰ গড় আয় (ARPU) উন্নত কৰিব পাৰি । বছৰৰ মাজ ভাগত এই মূল্য প্রায় ২২০ টকা হ’ব পাৰে। এই কাৰ্যই উদ্যোগ বিলাকৰ ৰাজহ দুবছৰত ১১ শতাংশৰপৰা ১৩ শতাংশলৈ বৃদ্ধি কৰিব আৰু ২০২২ বিত্তীয় বৰ্ষৰ অপাৰেটিং মাৰ্জিন প্ৰায় ৩৮ শতাংশ বৃদ্ধি কৰিব ৷