ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত হল দুৰ্ধৰ্ষ ডকাইত তথা ড্ৰাগছ মাফিয়া জাহাঙ্গীৰ আলম।
জানিব পৰা মতে, চামগুৰিৰ শিঙিমাৰীত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰসহ জাহাঙ্গীৰ আলম নামৰ ড্ৰাগছ মাফিয়াটোক আটক কৰে।
কিন্তু জাহাঙ্গীৰে আৰক্ষীক ওলোটাই আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। ইয়াৰ পিছতে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানে জাহাঙ্গীৰৰ ভৰিত গুলীচালনা কৰিবলৈ বাধ্য হয়। গুলীবিদ্ধ জাহাঙ্গীৰক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
আনহাতে জাহাঙ্গীৰৰ সৈতে ৰৌচন বিবি নামৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীৰ দলটোৱে।
