এদিনৰ বাবে স্তব্ধ হৈ পৰিল সমগ্ৰ দেশ…

68

ডিজিটেল ডেস্ক: কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে। কিন্তু কৃষকৰ কথা শুনিবলৈ আহৰি নাই মোদী চৰকাৰৰ। ক্ষমতাই মূৰত ধৰা চৰকাৰ খনে মাথোঁ কৃষকক মাওবাদী, কংগ্ৰেছৰ কৰ্মী আদি আখ্যা দিয়াতে ব্যস্ত।

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে আজি কৃষকে সম্পূৰ্ণ ভাৰত বন্ধৰ আহ্বান জনাইছিল। এই আহ্বানলৈ সমৰ্থন জনাইছিল বিভিন্ন ৰাজ্যৰ বিভিন্ন দল সংগঠনেও। যাৰ পৰিণতিত আজি এদিনৰ বাবে স্তব্ধ হৈ পৰে সমগ্ৰ দেশ।

আজি যান বাহনৰ চলাচল বন্ধ থকাৰ লগতে সকলো দোকান পোহাৰ আদিও বন্ধ থাকে। অসমতো ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়। ইফালে বন্ধৰ প্ৰতি সমৰ্থন জনাই আজি মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভালেকেইটা দল-সংগঠনে।