এতিয়াৰে পৰা সকলো বাহনতে লগাব লাগিব গতিবেগ ডিভাইছ

98

গাড়ী চালক সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা সকলো বাহনতে লগাব লাগিব গতিবেগ ডিভাইছ। গতিবেগ ডিভাইছৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হব বাহনৰ সৰ্বাধিক গতিবেগ। ঘণ্টাত ৮০ কিলোমিটাৰতকৈ অধিক বেগত গাড়ী চলালে এতিয়াৰে পৰা ভৰিব লাগিব জৰিমণা।

তীব্ৰ গতিবেগৰ বাবে সংঘটিত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা পৰিবহণ বিভাগে। প্ৰতিখন বাহনতে স্পীড লিমিট ডিভাইছ লগোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। অন্যথা ভৰিব লাগিব জৰিমণা। আনহাতে কৰ পৰিশোধৰো শেষ সীমা নিৰ্ধাৰণ কৰি দিছে কামৰূপ জিলা পৰিবহণ বিভাগে। ৩১ মাৰ্চৰ ভিতৰত বাহনৰ সকলো কৰ পৰিশোধৰ জাননী জাৰি কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ পৰিশোধ নকৰিলে কৰসহ জৰিমণা ভৰিব লাগিব বাহন চালকে।

এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ- কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে জাৰি কৰিছে নিৰ্দেশনা। দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। প্ৰতিখন বাহনতে থাকিব লাগিব স্পীড লিমিট ডিভাইছ। ৮০ কিলোমিতাৰতকৈ বেগত গাড়ী চলালে এই ডিভাইছে সংকেত প্ৰদান কৰিব পৰিবহণ বিভাগক। তাৰ পিছত চালকে ভৰিব লাগিব জৰিমণা।