এতিয়াৰে পৰা ঘৰুৱা সংযোগত চাৰ্জ দিব নোৱাৰিব ই-ৰিক্সা…

252

ৰাজ্যৰ ই-ৰিক্সা চালক সকলৰ বাবে দুখবৰ! এতিয়াৰে পৰা ঘৰুৱা সংযোগত ই-ৰিক্সা দিব নোৱাৰিব চাৰ্জ।

ই-ৰিক্সা চাৰ্জ দিয়াৰ বাবে এতিয়াৰে পৰা এপিডিচিএলত নতুনকৈ আবেদন কৰিব লাগিব। এক গোহাৰীযোগে এই কথা সদৰি কৰিছে ৰহা বিদ্যুৎ উপ সংমণ্ডলে। নিৰ্দেশনা নামানিলে গ্ৰাহকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সদৰি কৰিছে ৰহা বিদ্যুৎ উপ-সংমণ্ডলে।

গোহাৰীখনত উল্লেখ কৰা হৈছে যে, যিসকল বিদ্যুৎ গ্ৰাহকে নিজৰ ঘরত ই-ৰিক্সা চাৰ্জ কৰিবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছে তেওঁলোকে অনতিপলমে ই-ৰিক্সাৰ কাৰণে LT- Electric vehicle charging শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগৰ কাৰণে আবেদন কৰিব লাগিব।

অন্যথা ঘৰুৱা সংযোগৰ পৰা ই-ৰিক্সা চাৰ্জত বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহক সকলৰ বিৰুদ্ধে ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও গোহাৰীত উল্লেখ কৰিছে।