এতিয়াৰে পৰা অধিক খৰছী হব চিকিৎসা সেৱা

85

এতিয়াৰে পৰা অধিক খৰছী হব চিকিৎসা সেৱা। অহা এপ্ৰিল মাহৰলপৰা বৃদ্ধি পাব ঔষধৰ মূল্য। ঔষধত ২০ শতা্ংশ পৰ্যন্ত মূল্য বৃদ্ধিৰ অনুমতি মোডী চৰকাৰৰ। নেশ্যনেল ফাৰ্মাচিটিকেল প্ৰাইচিং অথ’ৰিটীয়ে এই মূল্যবৃদ্ধিৰ নিৰ্ণয় গ্ৰহণ কৰিছে। ঔষধৰ উৎপাদনত অধিক ব্যয় ভৰিব লগা হোৱা বাবেই ঔষধ উৎপাদনকাৰী কোম্পানী সমূহক ২০ শতাংশ পৰ্যন্ত মূল্য বৃদ্ধিৰ অনুমতি প্ৰদান কৰা হৈছে।

তাৰ পিছতে এন্টিবায়টিক, চৰ্মৰোগ, হৃদৰোগৰ দৰে ৰোগত ব্যৱহৃত ঔষধৰ বৃদ্ধি পাব মূল্য। আন নিত্য প্ৰয়োজনীয় ঔষধৰো হব মূল্যবৃদ্ধি।

কোৰোনা ভাইৰাছ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে বৃদ্ধি পাব ঔষধৰ মূল্য। দৰাচলতে ভাৰতত উৎপাদন হোৱা বহু ঔষধৰ উপাদান আমদানি কৰা হয় চীনৰ পৰা। কিন্তু শেহতীয়াকৈ কোৰোনা সন্ত্ৰাসৰ ফলত চীনে এই উপাদানত ১০ৰ পৰা ২০ শতাংশ পৰ্যন্ত মূল্য বৃদ্ধি কৰাত এতিয়া ভাৰতীয় ঔষধ উৎপাদনকাৰী কোম্পানী সমূহেও মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। অহা এপ্ৰিল মাহৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হব ঔষধৰ মূল্য।