এতিয়াৰে পৰা উত্তৰ-পূবত বাধ্যতামূলক হ’ব হিন্দী শিক্ষা।
দশম শ্ৰেণীলৈ চিবিএছইৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব হিন্দী।
অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হিন্দী শিক্ষা হ’ব বাধ্যতামূলক।
শীঘ্ৰেই উত্তৰ-পূবত ২২ হাজাৰ হিন্দী শিক্ষক নিযুক্তি দিব কেন্দ্ৰই।
চৰকাৰী ভাষা সম্পৰ্কীয় পাৰ্লিয়ামেণ্টেৰী কমিটীৰ বৈঠকত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
শুক্ৰবাৰে উত্তৰ-পূবৰ হিন্দী শিক্ষা সন্দৰ্ভত এই মন্তব্য কৰে অমিত শ্বাহে।
