এটা যুগৰ অৱসান! আৰু উভতি নাহে হোমেন বৰগোঁহাঞি…

166

আজি এটা যুগৰ অৱসান ঘটিল। বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞি আৰু আমাৰ মাজত নাই। বুধবাৰে পুৱা ৬.৫৮ বজাত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্য়াগ কৰে পুৰোধা ব্যক্তিগৰাকীয়ে।

পুৱতি নিশা প্ৰায় ৩ বজাত বিচনাৰ পৰা বাগৰি পৰাৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে হোমেন বৰগোঁহাঞি। তাৰ পিছতে তেওঁক গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও পুৱা ইহ জগতৰ পৰা চিৰ বিদায় লয় প্ৰসিদ্ধ সাহিত্যিক গৰাকীয়ে।

১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞিয়ে চহকী কৰি থৈ গৈছে অসমীয়া সাহিত্যৰ ভঁৰাল। ১৯৭৮ চনত তেওঁৰ কালজয়ী উপন্যাস পিতা-পুত্ৰৰ বাবে সাহিত্য অকাডেমী বঁটাৰেও সন্মানিত কৰা হৈছে।

সকলোৰে প্ৰিয় আৰু বহু জনৰ বাবে অনুপ্ৰেৰণাৰ স্ৰোত হোমেন বৰগোঁহাঞিৰ বিয়োগত আজি শোকত ভাগি পৰিছে সমগ্ৰ অসম। তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনে।