এটা বিড়িৰ বাবেই নিজ পিতৃক নিৰ্মমভাৱে হত্যা কৰিলে পুত্ৰই। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আলিপুৰ গাঁৱত। জানিব পৰা মতে, মঙলবাৰে এটা বিড়িৰ বাবে পুত্ৰ চামছুল হকে চুৰীকাঘাত কৰি হত্যা কৰে পিতৃ লাল মিঞাক।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত পুত্ৰ চামছুল হকে পিতৃ লাল মিঞাৰ পৰা এটা বিড়ি বিচাৰিছিল। কিন্তু পিতৃয়ে বিড়ি দিবলৈ অস্বীকাৰ কৰাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। তাৰ পিছতে পুত্ৰই চুৰীৰে আঘাত কৰি হত্যা কৰে পিতৃক।
ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ হত্যাকাৰী চামছুল হকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সন্মুখত পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে হত্যাকাৰী পুত্ৰই।