এটা পথকলৈ প্ৰতিবাদ ৰাইজৰ

68

নগাঁও জিলাৰ নতুনকৈ সংযোজন হোৱা নগাঁও- বটদ্ৰৱা- দলংঘাটত উন্নয়ন খণ্ডৰ আইভেটি পঞ্চায়তৰ অন্তৰ্গত সোনাইপাৰ আদৰ্শ গাঁৱৰ এটি পথে জুৰুলা খোৱাইছে স্থানীয় ৰাইজক। ৰাইদঙীয়া ডিমৌ গড়কাপ্তানী পথৰ পৰা সংযোজন হোৱা সোনাইপাৰ আদৰ্শ গাঁৱৰ স্থানীয় ৰাইজ আজি ওলাই আহি পথটৌত ভূঁই ৰুই প্ৰতিবাদ কৰে।পথটো কেইবাবাৰো স্থানীয় বিধায়িকা শিৱা মনি বৰাক অবগত কৰিছিল যদিও আজি পৰ্য্যন্ত এই পথটো কাম নকৰাত স্থানীয় ৰাইজ উলাই আহি এই প্ৰতিবাদ সাব্যস্ত কৰে। এই পথটো কেইবাবাৰো পথ দুৰ্ঘটনাত কেইবাজনো লোক গুৰুত্বপূৰ্ণ ভাৱে আহত হয়।এই পথটো সোনাই পাৰ আদৰ্শ গাঁৱৰ ৰাইজৰ এক মাত্ৰপথ। এই পথটো অতি সোনকালে নিৰ্মান নকৰিলে পুনৰ প্ৰতিবাদত নামিব বুলি হুংকাৰ দিয়ে স্থানীয়লোকে।অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাইজে বিধায়ক ৰূপক শৰ্মাক পথটো অতি সোনকালে পথটো নিৰ্মান কৰি দিবলৈ আহ্বান জনাইছে।