এটা অভাৰতে ডাবল হেট্ৰিক! বিশ্বকাপৰ মাজতে কোন ক্ৰিকেটাৰে গঢ়িলে এই অনন্য অভিলেখ

13102

বিশ্বকাপৰ খেলৰ মাজতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে। ঘৰুৱা ক্ৰিকেটত তেওঁ অভাৰৰ ৬টা বলত ৬টা উইকেট দখল কৰি ৰচনা কৰে অনন্য ইতিহাস। এতিয়ালৈকে এই ঘটনা ক্ৰিকেটৰ ইতিহাসত এয়াই প্ৰথম।

অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটত গোল্ড কোষ্ট প্ৰিমিয়াৰ লীগত চাৰ্ফাৰ্ছ পেৰাডাইজৰ বিৰুদ্ধে মুডগীৰাবাৰ খেলখন চলি আছিল। সেই মেচখন জয় কৰিবলৈ শেষৰ অভাৰত ৫ ৰানৰ প্ৰয়োজন হৈছিল চাৰ্ফাৰছক। শেষৰ অভাৰত বলিং কৰিবলৈ আহিছিল মুডগীৰাবাৰ অধিনায়ক গেৰেথ মৰ্গানে। অভাৰৰ প্ৰতিটো বলত তেওঁ এটা উইকেট লয়। মৰ্গানে দলটোক ৪ ৰানত জয়লাভ কৰোৱায়।

মৰ্গানে প্ৰথমটো বলতে চাৰ্ফাৰ্ছৰ অ’পেনাৰ জেক গাৰ্লেণ্ডক আউট কৰে। জেকে ৬৫ ৰান খেলি আছিল। পৰৱৰ্তী পাঁচটা বলত শূন্য ৰাণত ক্ৰমান্বয়ে পতন ঘটে আন ৫ উইকেটৰ। মেচ শেষ হোৱাৰ পাছত মৰ্গানে কয়, “মই বিশ্বাস কৰিব পৰা নাই। অভাৰ আৰম্ভ হোৱাৰ পূৰ্বে আম্পায়াৰে কয় যে মই হেট্ৰিক ল’ব পাৰিলেহে দলটোৱে জয়ী হোৱাৰ সুযোগ পাব। হেট্ৰিক নহয়, ডাবল হেট্ৰিক। ক্ৰিকেটত এনেকুৱা হ’ব পাৰে বুলি মই কেতিয়াও ভবা নাছিলো। মই মাত্ৰ বলটো উইকেটৰ ফালে নিক্ষেপ কৰিলোঁ। তাৰ পৰাই সফলতা আহিল।”

ইয়াৰ পূর্বে এটা অভাৰত পাঁচটা উইকেট দখল কৰাৰ ঘটনা তিনিবাৰ সংঘটিত হৈছে৷ ২০১১ চনত নিউজিলেণ্ডৰ নীল ৱেগনাৰ, ২০১৩ চনত বাংলাদেশৰ আল আমিন হোছেইন আৰু ২০১৯ চনত ভাৰতৰ অভিমন্যু মিথুনে এই কৃতিত্ব অৰ্জন কৰিছিল। এইবাৰ অভাৰৰ ছয় বলতে মৰ্গানে উইকেট দখল কৰে।