এজনী ছোৱালীয়ে উচ্চ জাতিৰ বাগানৰ পৰা ফুল চিঙাৰ অপৰাধত সামাজিকভাৱে বৰ্জন ৪০টা দলিত পৰিয়ালক…

78

ডিজিটেল ডেস্কঃ একবিংশ শতিকাৰ এইটো দশকতো ভাৰতত জাতিক লৈ ভেদ-ভাৱ কৰাৰ ঘটনা সংঘটিত হয়। উচ্চ আৰু নীচ শ্ৰেণীৰে সমাজত ভাগ কৰা হয় একেই তেজ-মঙহৰ শৰীৰক। শেহতীয়াকৈ এনে উচ্চ নীচ বিচাৰৰ এক ঘটনা সংঘটিত হৈছে ওড়িশাত ঢেনকানাল জিলাত। য’ত এগৰাকী দলিত সম্প্ৰদায়ৰ কিশোৰীয়ে এজন ‘উচ্চ জাতি’ৰ ব্যক্তিৰ বাগানৰ পৰা এপাহ ফুল চিঙাৰ অপৰাধত সামাজিকভাৱে বৰ্জন কৰা হৈছে ৪০টা দলিত পৰিয়ালক।

জানিব পৰা মতে, ঢেনকানাল জিলাৰ কাণ্টিঅ’ কাটেনী গাঁৱৰ এগৰাকী দলিত কিশোৰীয়ে দুসপ্তাহ পূৰ্বে এজন উচ্চ শ্ৰেণীৰ ব্যক্তিৰ ফুল বাগানৰ পৰা এপাহ ফুল চিঙিছিল। সেই অপৰাধতে পঞ্চায়তত বিচাৰ বহে। কিশোৰীগৰাকীৰ পৰিয়ালে তথাকথিত উচ্চ শ্ৰেণীৰ ব্যক্তিজনৰ ভৰিত ধৰি ক্ষমা খোজাৰ পিছতো যেন অপৰাধ খণ্ডন নহ’ল। উচ্চ শ্ৰেণীৰ লোকৰ দ্বাৰা পৰিচালিত পঞ্চায়তখনে দুসপ্তাহ পূৰ্বে গাঁওখনৰ ৪০টা দলিত পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰাৰ ঘোষণা কৰে।

পঞ্চায়তৰ এই সিদ্ধান্তৰ পিছতে দলিত পৰিয়ালকেইটাই অঞ্চলটোৰ কোনো উৎসৱ-অনুষ্ঠানত ভাগ ল’ব নোৱাৰে। আনকি এই দলিত পৰিয়ালকেইটাৰ বাবে চৰকাৰী পানীৰ চাপ্লাই বন্ধ কৰি দিয়া হ’ল। অঞ্চলটোত থকা চৰকাৰী ৰেচনৰ দোকানত নিৰ্দেশ দিয়া হ’ল যাতে কোনো দলিত পৰিয়ালক ৰেচন প্ৰদান নকৰে। ইফালে দলিত পৰিয়াল কেইটাৰ ল’ৰা-ছোৱালীক পূৰ্বে শিক্ষাদান কৰা শিক্ষক সকলকো কঠোৰ নিৰ্দেশ দিয়া হ’ল শিক্ষাদান বন্ধ কৰিবলৈ। যোৱা দুসপ্তাহ ধৰি সামাজিকভাৱে বৰ্জিত এই দলিত পৰিয়াল কেইটাই ৫ কিলোমিটাৰৰো অধিক বাট খোজকাঢ়ি গৈ ঘৰৰ ৰেচন বা অন্য সা-সামগ্ৰী আনিবলগা পৰিস্থিতিৰ সৃষ্টি কৰে তথাকথিত উচ্চ শ্ৰেণীৰ লোকৰ পঞ্চায়তে।

এজন সামাজিকভাৱে বৰ্জিত দলিতে জানিবলৈ দিয়া মতে, পঞ্চায়তৰ সিদ্ধান্তৰ বিৰুদ্ধে পৰিয়াল কেইটাই জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে যদিও কোনো গুৰুত্বই প্ৰদান নকৰিলে প্ৰশাসনে। কিন্তু পৰৱৰ্তী সময়ত সংবাদ মাধ্যমত এই মৰ্মন্তুদ খবৰ প্ৰচাৰ হোৱাৰ পিছত অৱশেষত প্রশাসনে তৎপৰতা অৱলম্বন কৰে আৰু দলিত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰে।

এই বাতৰিৰ হেডলাইনৰ বাহিৰে অন্য সম্পাদনা কৰা হোৱা নাই