এছ.বি.আই. জেনাৰেল ইন্সুৰেন্স আৰু উত্তৰ বংগ ক্ষেত্ৰিয়া গ্ৰামীণ বেংকৰচুক্তি

44

ভাৰতৰ অন্যতম মুখ্য সাধাৰণ বীমা কোম্পানী এছবিআই জেনাৰেল ইন্সুৰেন্স আৰু উত্তৰ বংগ ক্ষেত্ৰীয়া গ্ৰামীণ বেংক চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ ফলস্বৰূপে, এছ.বি.আই. জেনেৰেল ইন্সুৰেন্সে উত্তৰবংগৰ ক্ষেত্ৰীয়া গ্ৰামীণ বেংকৰ জৰিয়তে পশ্চিম বংগলৈ ইয়াৰ খুচুৰা সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হ’ব।
এছ বি আইৰ জেনাৰেল ইন্সুৰেন্সৰ হেড সমীৰ ছাবৰাই কয়, “উত্তৰ বংগ ক্ষেত্ৰীয়া গ্ৰামীণ বেংকৰ সৈতে অংশীদাৰিত্বৰ ফলস্বৰূপে, আমি উত্তৰ বংগ ক্ষেত্ৰীয়া গ্ৰামীণ বেংকৰ ১৪২ টাতকৈও অধিক শাখাৰ জৰিয়তে পশ্চিম বংগৰ গ্ৰাহকসকলক আমাৰ সামগ্ৰী বিতৰণ কৰিবলৈ সক্ষম হ’ম। চুক্তিসন্দৰ্ভত উত্তৰ বংগ ক্ষেত্ৰীয়া গ্ৰামীণ বেংকৰ জেনেৰেল মেনেজাৰ ডি কে সিঙে কয় যে এছ বি আই জেনেৰেল ইন্সুৰেন্স কোম্পানী লিমিটেডৰ সৈতে হোৱা চুক্তিয়ে আমাৰ গ্ৰাহকসকলক অনা-জীৱন বীমা সামগ্ৰীৰ সৈতে ৩৬০ ডিগ্ৰী বিত্তীয় সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব।