এছআই কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক নিলম্বন

88

গুৱাহাটীঃ এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত এপিএছ বিষয়া কুমাৰ সঞ্জিত কৃষ্ণক নিলম্বন কৰা হৈছে। ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশমৰ্মে ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে কুমাৰ সঞ্জিত কৃষ্ণক।

উল্লেখ্য যে, এছআই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে অতি নাটকীয়াভাৱে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক। বৰ্তমান অভিযুক্ত আইপিএছ বিষয়াগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছ আদালতে।