এছআই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসৰ বাসগৃহত পুনৰ চিআইডিৰ অভিযান

82

গুৱাহাটীঃ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অন্যতম অভিযুক্ত দেৱৰাজ দাসৰ বৰপেটাস্থিত বাসগৃহত শুকুৰবাৰে পুনৰ অভিযান চলালে চিআইডিয়ে। ইয়াৰ পূৰ্বে দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মণক চিআইডিয়ে জেৰা কৰাৰ পিছত বেংক অৱ বৰোডাত তুলিকা বৰ্মণৰ নামত থকা লকাৰৰ পৰা নগত ৪৬ লাখ ৭৭ হাজাৰ টকাৰ লগতে এক কেজি সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল চিআইডিয়ে।

ইফালে শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা গৈ বৰপেটাত বাহৰ পাতি থকা চিআইডিয়ে পুনৰ তালাচী অভিযান চলায় দেৱৰাজ দাসৰ বাসগৃহত। বাসগৃহৰ চৌহদত থকা মন্দিৰৰ উপৰিও প্ৰতিটো কোঠাত তন্ন তন্নকৈ তালাচী চলায় চিআইডিৰ অভিযানকাৰী দলে। অৱশ্যে এই অভিযানত কোনো আপত্তিজনক নথি পত্ৰ বা টকা জব্দ কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো।