এগৰাকী শিক্ষয়িত্ৰীয়ে এক ঘণ্টাত কাঠপেঞ্চিলে অংকন কৰি উলিয়ালে ১৪ জনকৈ দেশৰ প্ৰধানমন্ত্ৰী ।
স্বাধীনতা দিৱসৰ দিনটোতে INDIA BOOK OF RECORDSত নাম অন্তভুর্ক্ত হ’ল বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষয়িত্রী জ্বলি ডেকা ৰজা দাসৰ।
বটদ্ৰৱা শিক্ষা খণ্ডৰ এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ । শিক্ষয়ত্ৰী গৰাকীৰ নাম জ্বলি ডেকাৰজা দাস ।বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ হাজী আজমত আলী বাটমাৰী হাইডুবি এম ই স্কুলৰ শিক্ষয়িত্রী জ্বলি ডেকাৰজা দাস। কাঠপেঞ্চিলে শিক্ষয়ত্ৰী গৰাকীয়ে এক ঘণ্টাত অংকন কৰি উলিয়ালে দেশৰ ১৪ জনকৈ প্ৰধানমন্ত্ৰীৰ ফটো । আজি ডাক যোগে শিক্ষয়িত্রী গৰাকীৰ ঘৰলৈ আহিল ইণ্ডিয়া বুক অফ ৰেকৰ্ডচৰ প্ৰমাণ পত্রৰ লগতে মেডেল। ইণ্ডিয়া বুক অফ ৰেকৰ্ডচৰ নাম অন্তভুর্ক্ত কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে শিক্ষক সমাজৰ লগতে শিক্ষয়ত্ৰী গৰাকীৰ পৰিয়ালৰ বৰ্গ। শিক্ষয়ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ সমান্তৰালকৈ এক ঘণ্টাত ১৪ জন দেশৰ প্ৰধান মন্ত্ৰীৰ ফটো অংকন কৰি উলিওৱাত সকলোৱে প্ৰশংসা কৰিছে শিক্ষয়িত্রী জ্বলি ডেকা ৰাজা দাসক ।