এখন কাঠৰ দলঙে জলা-কলা খুৱাইছে ৰাইজক

317

নগাঁও জিলাৰ পুৰণিগুদামৰ এখন কাঠৰ দলঙে জলা-কলা খুৱাইছে ৰাইজক ৷ জানিব পৰা মতে জহি খহি যোৱা দলঙখনি যাতায়তৰ বাবে কোনো ব্যৱস্থা লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই৷ পুৰণিগুদামৰ আইথানৰ ওচৰত থকা দলঙখন ভাল কৰি তুলিবলৈ স্থানীয় লোকে বহুবাৰ বিভাগৰ বিষয়াক আবেদন নিবেদন কৰিছে যদিও সুফল লাভ কৰা নাই ৷ উল্লেখযোগ্য যে বিভাগীয় নথিত বহুবাৰ কাঠৰ দলঙখন মেৰামতি কৰি চৰকাৰী ধন ব্যয় কৰা দেখুৱা হৈছে যদিও বিগত বহু বছৰ স্থানীয় লোকে দলঙখন মেৰামতি কৰা প্ৰত্যক্ষ কৰা নাই বুলিও মন্তব্য কৰিছে।
দলঙখনেৰে যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ বাবে এতিয়া হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ ৷ কোনো লোক অসুস্থ হৈ পৰিলে চিকিৎসালয়লৈ যাবলৈ সমস্যাৰ সন্মুখীন কৰিব লগা হয় ৰাইজে ৷ উল্লেখযোগ্য যে ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এই কাঠৰ দলঙখনক লৈ সৰব নহয় স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধি ৷
ইফালে এই কাঠৰ দলঙখন সুচলৰ কৰি তুলিবৰ বাবে বহুবাৰ ৰাইজে আবেদন নিবেদন কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগৰ লোকসকলে।গতিকে এই প্ৰসংগত ৰাইজে মূখ্য মন্ত্রীক ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ আহ্বান কৰিছে।আৰু সোনকালে এখন সুচল দলঙৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনাইছে।