এক ভয়ংকৰ পথ দুৰ্ঘটনা

71

নেপালত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তনাহুন জিলাৰ মাৰ্চয়াংদি নদীত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। এই বাছখনত প্ৰায় ৪০ জনকৈ যাত্ৰী আছিল। এই বাছখন ভাৰতৰ পৰা নেপাললৈ গৈছিল বুলি জানিব পৰা গৈছে। বাছখনৰ নম্বৰ প্লেট উত্তৰ প্ৰদেশৰ, যাৰ বাবে বাছখন ভাৰতৰ উত্তৰ প্ৰদেশৰ পৰা নেপাললৈ যোৱা বুলি অনুমান কৰা হৈছে। এই দুৰ্ঘটনাত এতিয়ালৈকে ১৪ জনলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে,আনহাতে আহত হৈছে প্ৰায় ১৬ জন। ঘটনাস্থলীত বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলাই আছে। নম্বৰ প্লেটৰ তথ্যৰ ভিত্তিত বাছখন গোৰখপুৰৰ।