এক ভয়ংকৰ আৰু হৃদয় বিদাৰক দৃশ্য

194

এক ভয়ংকৰ আৰু হৃদয় বিদাৰক দৃশ্য।

মেঘালয়ৰ ফুলবাৰী থানাৰ অন্তৰ্গত গোমাইঝোৰাত সংঘটিত হয় এই দূৰ্ঘটনা৷

গুৱাহাটীৰ পৰা মানকাচৰ অভিমূখে গৈ থকা যাত্ৰীবাহি নাইট ছুপাৰ এখন পুৱতি নিশা প্ৰায় ২ টা মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই গোমাই ঝোৰাত খালত নামি যায় আৰু গাড়ীখন সম্পূৰ্ণৰূপে প্ৰায় পানীত ডুৱযোৱা পৰিলক্ষিত হয়।
দূৰ্ঘটনা গ্ৰস্থ গাড়ী খনৰ নম্বৰ হৈছে AS 01NC – 2524
গাড়ী খনত মুঠ কিমান যাত্ৰী আছিলে সেয়া কিন্তু এতিয়াও নিশ্চিত ভাৱে জানিব পৰা হোৱা নাই৷ ফুলবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দূৰ্ঘটনা গ্ৰস্থ গাড়ী খনত আবদ্ধ হৈ থকা যাত্ৰীক স্থানীয় ৰাইজে খিৰিকীৰ গ্লাচ ভাঙি উদ্ধাৰ কৰে বুলি স্থানীয় ৰাইজে জানিব দিয়ে ।
কিন্তু মন কৰিবলগীয়া কথা হ’ল যে কিয় প্ৰায়েই এনেকুৱা দূৰ্ঘটনাৰ সম্মুখীন হ’ব লগীয়া হয় মানকাচৰৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰা বাছ সমূহ। এয়া বাছ চালকৰ অৱহেলা নে বিধ্বস্ত বাট পথৰ বাবেই এনে দূৰ্ঘটনাৰ সম্মুখীন হ’ব লগীয়া হৈছে একাংশ যাত্ৰী সেয়া সচেতন মʼহলৰ মাজত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে