এক চাঞ্চল্যকৰ ঘটনা বাঁহৰ টিকনিত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ

70

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বাঁহৰ টিকনিত। উদ্ধাৰ হৈছে এজন লোকৰ উৱলি যোৱা মৃতদেহ৷ গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত মাটিহলা গাঁৱত উদ্ধাৰ হৈছে এজন লোকৰ অৰ্ধগলিত মৃত দেহ
বাঁহৰ গৰাকী উপেন্দ্ৰ বিশ্বাসে বাঁহ কাটিবলৈ আহি প্ৰত্যেক্ষ কৰে ঘটনাটো৷লগে লগে হূলস্থূল লাগে অঞ্চলটোত আৰু বাঁহনিৰ তলত গোট খাই বহু লোক৷ইয়াৰ পিছতে ঘটনাস্থলীত ধূপধাৰা আৰক্ষী লগতে ৰংজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়ায় উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ।উদ্ধাৰ হোৱা মৃতদেহটো সুচন্দ্ৰ দাস(৩২) বুলি জানিব পৰা গৈছে৷ মৃত সুচন্দ্ৰ দাসৰ ঘৰ নগৰবেৰাৰ বিদ্যানগৰ কল্যানপুৰত বুলি জানিবলৈ দিয়ে ।যোৱা অক্টোবৰ মাহৰ ২২ তাৰিখৰ পৰা সুচান্দ্ৰ বিশ্বাস নিখোজহৈ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ এমাহৰ পিছত আজি বাঁহনিৰ মাজত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে