একেদিনাই ঘোচ লৈ আকৌ গ্ৰেপ্তাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বিষয়া মিয়াচান্দ আলী…

125

বুধবাৰৰ দিনটোত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল দ্বিতীয়জন চৰকাৰী কৰ্মচাৰী।

এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত বিষয়া।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ এনকে (ইউবি) মিয়াচান্দ আলীক।

উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ মিয়াচান্দ আলী।

অভিযোগকাৰীৰ বিচাৰাধীন বিলসমূহৰ প্ৰক্ৰিয়াকৰণ আৰু গৃহীতকৰণ ক্ষিপ্ৰ কৰাৰ বাবদ ধন দাবী কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াজনে।

কিন্তু দাবী কৰা ধন গ্ৰহণৰ সময়তে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল আন এজন চৰকাৰী কৰ্মচাৰী।

হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ভূমি বস্তােবস্তি কাৰ্যালয়ৰ কৰ্মচাৰী উৎপল কুমাৰ নাথ।