একাংশ আৰক্ষী বিষয়াই চৰকাৰক সন্তুষ্ট কৰিবলৈকে ক্ষমতাৰ অপব্যৱহাৰ কৰে: উচ্চতম ন্যায়ালয়

121

নতুন দিল্লীঃ একাংশ আৰক্ষীয়ে শাসকীয় দলক সন্তুষ্ট কৰিবলৈ গৈ ক্ষমতাৰ অপব্যৱহাৰ কৰে। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। বৃহস্পতিবাৰে এক গোচৰৰ শুনানি কালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এনভি ৰমানা নেতৃত্বাধীন বিচাৰপীঠে দেশৰ আৰক্ষীক সমালোচনা কৰি এই দৰে মন্তব্য কৰে।

উল্লেখ্য যে, ছত্তীশগড় চৰকাৰে শেহতীয়াকৈ ১৯৯৪ চনৰ আইপিএছ বিষয়া গুৰজিন্দৰ পাল সিঙৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন তেওঁক নিলম্বন কৰিছিল। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় গুৰজিন্দৰ সিং। পূৰ্বে বিজেপি চৰকাৰৰ সৈতে থকা তেওঁৰ ভাল সম্পৰ্কৰ বাবেই বৰ্তমানৰ কংগ্ৰেছ চৰকাৰে তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ আৰোপ লগোৱা বুলি অভিযোগ কৰে নিলম্বিত আইপিএছ বিষয়া গৰাকীয়ে। এই গোচৰৰে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা শুনানি কালত মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে কয়, “বহুতো আৰক্ষী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰ কৰে আৰু শাসকীয় দলক সন্তুষ্ট কৰিবলৈ বিৰোধীক হাৰাশাস্তি কৰে। আৰু এই প্ৰৱণতাৰ বাবে আৰক্ষী বিষয়াসকল দায়বদ্ধ, যি অতি বিপদজনক আৰু উদ্বেগজনক।” অৱশ্যে, উচ্চতম ন্যায়ালয়ে লগতে গুৰজিন্দৰ সিঙক গ্ৰেপ্তাৰ নকৰিবলৈও ছত্তীশগড় চৰকাৰক নিৰ্দেশ দিয়ে।

প্ৰণিধানযোগ্য যে, শাসকীয় চৰকাৰৰ হৈ আৰক্ষী-প্ৰশাসনে কাম কৰাৰ অনেক উদাহৰণেই বিচাৰিলে পোৱা যায়। দৰাচলতে, আই.পি.এছ. বিষয়াসকলে তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণিতে শপত ল’ব লগা হয় যে তেওঁলোকে দেশ আৰু দেশৰ সংবিধান মানি চলিব। আইনবিৰোধী একো নকৰিব। কিন্তু কৰ্মক্ষেত্ৰত বহু আৰক্ষী বিষয়াই চৰকাৰৰ “গুড বুক” অনুসৰিয়েই কাম কৰে বা শাসকীয় পক্ষক সন্তুষ্ট কৰাৰ চেষ্টাত নামি পৰে।

উত্তৰ প্ৰদেশত ৰাম মন্দিৰ স্থাপন কৰাৰ সময়ত এগৰাকী আইপিএছ বিষয়াই ৰাজনৈতিক নেতাৰ ভৰি চুই সেৱা লৈছিল। ইফালে দিল্লী আৰক্ষী কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ৰ অধীনত আছে যদিও দিল্লী আৰক্ষীয়েও নিৰপেক্ষভাৱে কাম নকৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। ২০০২ চনৰ গুজৰাট হিংসাৰ সময়তো আৰক্ষীয়ে ৰাজ্য চৰকাৰৰ প্ৰতি আনুগত্য দেখুওৱাৰ অভিযোগ উত্থাপন হৈছিল।