একত্ৰিত কৰা হ’ল প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ…

318

অসম চৰকাৰে প্ৰাথমিক শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগক একত্ৰিত কৰি ‘বিদ্যালয় শিক্ষা বিভাগ’ নামৰ নতুন নামকৰণ কৰিছে।

অসমৰ ৰাজ্যপালে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা হৈছে যে এই একত্ৰীকৰণ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব। অধিসূচনাখনত উল্লেখ কৰা হৈছে যে “একত্ৰিকৰণৰ ফলত প্ৰাথমিক শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ সকলো বিষয়া আৰু কৰ্মচাৰী স্বয়ংক্ৰিয়ভাৱে বিদ্যালয় শিক্ষা বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থাকিব।”

প্ৰাথমিক শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ সৈতে জড়িত সকলো চিঠি-পত্ৰ এতিয়া বিদ্যালয় শিক্ষা বিভাগৰ নামত কৰা হ’ব।

অধিসূচনাখনত উল্লেখ কৰা হৈছে যে, “প্ৰাথমিক শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ অধীনৰ বৰ্তমানৰ সকলো সঞ্চালকালয় আৰু সংগঠন এতিয়া বিদ্যালয় শিক্ষা বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থাকিব।”

উল্লেখযোগ্য যে পূৰ্বৰ ১০+২ সূত্ৰৰ ঠাইত ৫+৩+৩+৪ সূত্ৰ নিৰ্ধাৰণ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ (এনইপি ২০২০) ৰূপায়ণৰ সুবিধাৰ বাবে দুয়োটা বিভাগৰ একত্ৰীকৰণ কৰা হৈছে।