এএফডিচিৰ নিযুক্তি কেলেংকাৰীক লৈ কঠোৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য! বৰ্খাস্ত কৰা হ’ব ২১৭ গৰাকী কৰ্মচাৰীক

296

অহ‍া ২৮ জুলাইৰ ভিতৰত জাননীৰ উত্তৰ দিব নোৱাৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব অসম ফিচাৰি ডেভেলপমেন্ট কৰ্পৰেচনৰ ২১৭ গৰাকী কৰ্মীক। এই সতৰ্কবাণী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

শনিবাৰে হাইলাকান্দিত জিলা উপায়ুক্ত কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়, ”অসম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেচনে সুকীয়াভাৱে কাৰ্য সম্পাদন কৰি আহিলেও এয়া মীন বিভাগৰ অধীনত পৰে। ৰাজ্য চৰকাৰে ইতিমধ্যে এই কৰ্পৰেচনৰ ভিতৰত হোৱা নিযুক্তিৰ তদন্ত কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত এটা ৪ জনীয়া কমিটি গঠন কৰি দিছিল। আৰু এই কমিটিয়ে দিয়া তদন্ত ৰিপোৰ্ট অনুসৰি ২২০ খন নিযুক্তিৰ ভিতৰতে ২১৭খন ভুৱা।”

ইতিমধ্যে অসম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেচনৰ এই ২১৭ গৰাকী অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মীক জাননী প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে । আৰু অহা ২৮ জুলাইৰ ভিতৰতে জাননীৰ উত্তৰ দিব নোৱাৰিলে এই সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। লগতে এইসকলক অবৈধভাৱে নিযুক্তি দিয়‍া ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী শুক্লবৈদ্যই।