এই ভুল কৰিলে খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট, সতৰ্ক কৰি দিলে SBI-য়ে

112

আকৌ এবাৰ চাইবাৰ ক্ৰাইমৰ সন্দৰ্ভত নিজৰ গ্ৰাহকক সতৰ্ক কৰি দিলে ভাৰতীয় ষ্টেট বেংকে। আনকি বেংকৰ ফালৰ পৰা বহুকেইটা চাইবাৰ ক্ৰাইমৰ ঘটনাৰ বিষয়ে জনোৱা হৈছে। বেংকৰ ফালৰ পৰা কোৱা হৈছে যে, প্ৰৱঞ্চকৰ দলে, কোৰোণা ভাইৰাছৰ নামত ভুৱা মেইল প্ৰেৰণ কৰি ব্যক্তিগত আৰু বেংকৰ তথ্য বিচাৰিছে। WhatsAppৰ জৰিয়তে বিচাৰিলেও এনে তথ্য ৰাজহুৱা নকৰিবলৈ আহ্বান জনাইছে বেংক কৰ্তৃপক্ষই।সতৰ্ক কৰি বেংকৰ ফালৰ পৰা কোৱা হৈছে যে, ‘দেশৰ বিভিন্ন চহৰত চাইবাৰ ক্ৰাইম হোৱাৰ সম্ভাৱনা আছে। ncov2019@gov.in পৰা অহা মেইল, যাৰ চাবজেক্ট ‘ফ্ৰী কোভিড-১৯ টেষ্টিং’ৰ লিংকত যেন কোনো কাৰণতে ক্লীক নকৰে। ’