আমাজন, ছুইগীৰ পিছত এইবাৰ কৰ্মচাৰী কৰ্তনৰ সিদ্ধান্ত গুগলৰ।
গুগলে ঘোষণা কৰিছে যে তেওঁলোকে ১২ হাজাৰ চাকৰিৰ ভূমিকা আঁতৰাই নিজৰ কৰ্মশক্তি হ্ৰাস কৰিব।
মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে ইমেইলযোগে কৰ্মচাৰীসকলক কয় যে, “আমি…আমেৰিকাত কৰ্মৰত কৰ্মচাৰীসকললৈ এটা সুকীয়া ইমেইল প্ৰেৰণ কৰিছো। আন দেশত স্থানীয় আইন আৰু পদ্ধতিৰ বাবে এই প্ৰক্ৰিয়াত অধিক সময় লাগিব।”
চাকৰি কৰ্তনৰ সিদ্ধান্তৰ বাবে ক্ষমা বিচাৰি পিচাইয়ে কয় যে মই সম্পূৰ্ণ দায়িত্ব লওঁ।