এইবাৰ ডাকযোগে ভক্তই লাভ কৰিব সৱৰীমালাৰ প্ৰসাদ…

73

ডিজিটেল ডেস্ক : কোৰোনাৰ বাবে ডাক বিভাগৰ বিশেষ পদক্ষেপ । স্পীড পোষ্টৰ জৰিয়তে পঠোৱা হ’ব প্ৰসাদ । কেৰালাৰ বিখ্যাত সবৰীমালা মন্দিৰৰ ”স্বামী প্ৰসাদ”ক ভক্তসকলৰ মাজত স্পীড পোষ্ট কৰি তেওঁলোকৰ ঘৰলৈ কৰাৰ সিদ্ধান্ত লৈছে।

“দেশ-প্ৰান্তৰ ভক্তসকলৰ বাবে ডাক বিভাগে প্ৰসাদৰ বুকিং আৰু ডেলিভাৰী কৰাৰ বাবে সম্পূৰ্ণ পৰিকল্পনা কৰিছে বুলি এগৰাকী বিষয়াই জানিব দিয়ে। ইয়াৰ ফলত সবৰীমালা মন্দিৰৰ এই প্ৰসাদ ডাক বিভাগৰ জড়িয়তে দেশৰ প্ৰতিটো কোণত থকা ভক্তৰ ওচৰলৈ যাবলৈ সাজু হৈছে বুলি বিষয়া গৰাকীয়ে কয়।

কেৰালাৰ ডাক বিভাগে ইয়াৰ বাবে ত্ৰাৱণকোৰ দেবস্বম বোৰ্ডৰ সৈতে এক চুক্তি কৰে বুলি এক প্ৰেছ বি়জ্ঞপ্তিৰ জড়িয়তে জানিব দিয়ে । ভক্তসকলে প্ৰতি পেকেটত মাত্ৰ ৪৫০ টকা দি যিকোনো ডাকঘৰৰ পৰা পৰা এই প্ৰসাদ বুক কৰিব পাৰে। এই প্ৰসাদৰ এটা পেকেটত থাকিব আৰাভানা, আদিয়ষ্টম (ঘি), বিভুতি, কুমকুম, হাল্টী আৰু অৰ্চনাপ্ৰসাদ।