এইবাৰ জজ ফিল্ডত অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্য্যসূচী

95

ষ্টাফৰিপৰ্টাৰ, কৰ’না ভাইৰাছৰ বাবে এইবাৰ স্বাধীনতা দিৱস পালনৰ ক্ষেত্ৰত জিলা, মহকুমা প্ৰশাসন তথা জনসাধাৰণৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। জন সংযোগ বিভাগে জাৰি কৰা এক জাননীত উল্লেখ থকা অনুসৰি এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী সীমিত কৰাৰ লগতে ব্যাপক জন-সমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। এইবাৰ স্কুল-কলেজৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডৰ অংশগ্ৰহণ কৰিব নোৱাৰিব । আনহাতে, স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা স্বাস্থ্য বিধিৰ নীতি-নিয়ম সম্পূৰ্ণৰূপে পালন কৰি সামাজিক ব্যৱধান মানি চলা আৰু মাস্ক পৰিধান কৰাটো সম্পূৰ্ণৰূপে বাধ্যতামূলক কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে। লগতে দিৱস উদযাপনৰ ক্ষেত্ৰ সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ উপৰিও মঞ্চ, বক্তৃতা মঞ্চ, পতাকাৰ দণ্ড, চকী আৰু অন্যান্য সামগ্ৰীসমূহো চেনিটাইজ কৰা হ’ব।উদযাপনস্থলীৰ প্ৰৱেশদ্বাৰত হাত ধোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও চেনিটাইজ আৰু ‘থাৰ্মেল স্ক্ৰীনিং’ কৰাটো বাধ্যতামূলক কৰিছে।
ইপিনে, স্বাধীনতা দিৱসৰ সৈতে জড়িত কৰিবলগীয়া শ্ৰমিক অথবা অন্যান্য লোক আৰু কাৰ্য্যসূচী চোৱা-চিতাৰ কামত নিয়োজিত নিৰাপত্তাৰক্ষী, চৰকাৰী নিৰীক্ষকক আগতীয়াকৈ কোভিদ-১৯ পৰীক্ষা কৰি লোৱা হ’ব। স্বাধীনতা দিৱসৰ আনুষ্ঠানিক কাৰ্য্যসূচী অথবা কোনো সাংস্কৃতিক অথবা ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰা নহ’ব। বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত নহ’ব যদিও বঁটাপ্ৰাপকসকলৰ নাম স্বাধীনতা দিৱস কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব আৰু বঁটাপ্ৰাপকসকলৰ বঁটাসমূহ জিলা উপায়ুক্তৰ জৰিয়তে স্ব-গৃহতে প্ৰদান কৰা হ’ব। তদুপৰি কোনোধৰণৰ দুপৰীয়াৰ আহাৰ অথবা চাহ-জলপান বিতৰণ ইত্যাদি কাৰ্য্যসূচী স্বাধীনতা দিৱসত পৰিহাৰ কৰা হৈছে। সেইদৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা স্বাস্থ্য বিধি অনুসৰি গৰ্ভৱতী মহিলা, একাধিক ৰোগ বা উপসৰ্গত আক্ৰান্ত লোক আৰু ১০ বছৰৰ তলৰ শিশুক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ নকৰাটোৱেই উচিত বুলি বিবেচিত হৈছে।এইবাৰ খানাপাৰাত অনুষ্ঠিত নহ’ব স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী। খানাপাৰা খেলপথাৰৰ পৰিবৰ্তে জজ ফিল্ডত অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী। অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বৰ্তমান ক’ভিড কেয়াৰ চেন্টাৰ আছে। গতিকে জৰ্জ ফিল্ডত পালন কৰা হ’ব দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস।