এইবাৰ চুৰ কৰাৰ নতুন কৌশল

284

অসম আৰক্ষী যিমানে কঠোৰ হৈছে সিমানে চোৰে ন ন কৌশলেৰে চুৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।তেনে এক ঘটনা সংঘটিত হৈছে কলগাছিয়াত।কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ ছাদদাম হুছেইনৰ ঘৰত চোৰৰ চাফাই অভিযান।

ছাদদাম হুছেইনৰ ঘৰৰ পৰা নগদ প্রায় ৩০ হেজাৰ টকা, মোবাইল ফোন দুটা, সোণৰ গহনাকে ধৰি প্রায় দেৰ লাখ টকাৰ সামগ্ৰী চুৰি কৰে বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে।

ছাদদাম হুছেইনে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
এজাহাৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।