এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ বন বিভাগৰ দুই কৰ্মচাৰী…

310

পুনৰ ৰাজ্যত ঘোচ কাণ্ড!

উৎকোচ লৈ পুনৰ হাতে লোটে গ্ৰেপ্তাৰ হ’ল দুই চৰকাৰী বিষয়া-কৰ্মচাৰী।

গোসাইগাঁৱৰ বন বিষয়া কামিনী নাৰ্জাৰীক গ্ৰেপ্তাৰ।

লগতে গ্ৰেপ্তাৰ হৈছে গোসাইগাঁৱৰ বন সুৰক্ষাকৰ্মী প্ৰবীণ ব্ৰহ্ম।

উৎকোচ লৈ থাকোতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় দুই বিষয়া-কৰ্মচাৰী।

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ঘোচখোৰ দুই চৰকাৰী বিষয়া-কৰ্মচাৰী।

জানিব পৰা মতে, বিভাগীয় এটা গোচৰ নিষ্পত্তিৰ বাবে দাবী কৰিছিল ধন।

টুইটাৰত ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ গ্ৰেপ্তাৰৰ কথা সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াভাৱে ঘোচ লৈ ২০ গৰাকীৰো অধিক চৰকাৰী বিষয়া-কৰ্মচাৰী হাতে লোটে গ্ৰেপ্তাৰ হৈছে।