এইবাৰ আহি আছে ‘য়াছ’ নামৰ সাগৰীয় ধুমুহা, অসমতো পৰিব প্ৰভাৱ

115

কোৰোনা মহামাৰীৰ আতংকৰ মাজতে সাগৰীয় ঘূৰ্ণী তাউকতেয়ে কিছুদিন পূৰ্বে ভাৰতৰ কেইবাখনো ৰাজ্য কঁপাই থৈ গৈছিল। তাৰ পিছতে এইবাৰ আন এক সাগৰীয় ধুমুহাই ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই আশংকা কৰা মতে, য়াছ নামৰ এই সাগৰীয় ঘূৰ্ণী ধুমুহাই ২৬ মে’ত পশ্চিমবংগ আৰু ওড়িশাৰ বিভিন্ন উপকূলত খুন্দা মাৰিব। য়াছ নামৰ এই সাগৰীয় ধুমুহাজাকে কেইবাখনো ৰাজ্যত প্ৰচণ্ড ক্ষতি কৰিব বুলি আশংকা কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই আশংকা কৰা মতে, য়াছ নামৰ সাগৰীয় ধুমুহাজাকে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো প্ৰভাৱ পেলাব। তদুপৰি, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, লাক্ষাদ্বীপলৈও বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক বাণী প্ৰেৰণ কৰিছে৷