এইছ চি চি বিয়ে আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ উদ্দেশ্যে মানসিক স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন যোগাসনৰ সৈতে খাপ খোৱা ইয়াৰ মিউজিক প্লেলিষ্ট মুকলি কৰে

121

ষ্টাফ ৰিপ’ৰ্টাৰ: সামাজিক দূৰত্ব নিয়ম হৈ পৰা সময়ত ভাৰতৰ শীৰ্ষস্থানীয় এফ.এম.জি. চি কোম্পানী সমূহৰ অন্যতম এইছ চি চি বিয়ে ইউটিউবত সমগ্ৰ এটা প্লেলিষ্ট মুকলি কৰাৰ দ্বাৰা মানুহক ঘৰতে থাকি পৰিয়ালৰ সৈতে যোগ অভ্যাস কৰাৰ বাবে অনুপ্ৰাণিত কৰিছে। প্লেলিষ্ট খন ড০ ইলায়াৰাজাই এইছ চি চি বিৰ বাবে ৰচনা কৰা সংগীত প্ৰশস্তি- গীতসমূহ ভিত্তিক। প্লেলিষ্ট খনত শাৰীৰিক সহিষ্ণুতাৰ পৰা আৰম্ভ কৰি শ্বাস-প্ৰশ্বাস আৰু ধ্যান সম্বন্ধীয় ব্যায়ামকে আদি কৰি বিশ্ৰাম পৰ্য্যন্ত আসন সমূহৰ সৈতে খাপ খোৱা ১১ টা ছুটি গান আছে। আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা মুকলি হোৱা এই প্লেলিষ্ট খন এইছ চি চি বিৰ ইউটিউৱ চেনেল (https://bit.lv/ ২Nb1dUl)ত বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছে। প্লেলিষ্ট খন ‘ব্ৰেণ্ড মিউজিক”দলটোৱে কিউৰেট আৰু সৃষ্টি কৰি আছে আৰু ইয়াৰ প্ৰতিষ্ঠাপক আৰু শব্দযন্ত্ৰী ৰাজীৱ ৰাজাই এই সন্দৰ্ভত উল্লেখ কৰি কয়”-সংগীতৰ এক আশ্চৰ্যকৰ প্ৰতিকাৰক আৰু আৰোগ্য শক্তি আছে আৰু ই মানসিক চাপ আৰু উদ্বেগৰ স্বীকৃতিপ্ৰাপ্ত সকাহৰ উৎস”।আনহাতে এই সন্দৰ্ভত এইছ চি চি বিৰ মুখ্য যোগাযোগ বিষয়া কমলেশ শৰ্মাই কয়”-ধ্যানৰ পৰা শাৰীৰিক পৰিশ্ৰম যুক্ত বিভিন্ন যোগাসনৰ বাবে ভাল সংগীতৰ সৰ্বোচ্চ কেইটামান গান এক উপযোগী সংগী হ’ব। যোগ দিৱসৰ দিনা খন সমূহীয়া কাৰ্য্য কৰাটোৰ ঘাটিপূৰণ কৰা কঠিন যদিও সংগীতে সদাই উৎকৃষ্ট সাহর্চহ্য আগবঢ়াই”।