এইচডিএফচি বেংকৰ ভাৰতৰ ১,০০০ খন চহৰলৈ জি ড্ৰাইভ তৎকালীন বাহন ঋণৰ সুবিধা

100

এইচডিএফচি বেংকে বৃহস্পতিবাৰে তেওঁলোকৰ গ্ৰাহক সকললৈ ভাৰতৰ ১,০০০ খন চহৰ সামৰি জিপ ড্ৰাইভ তৎকালীন বাহন ঋণৰ সুবিধা প্ৰদানৰ বিষয়ে ঘোষণা কৰে। এই জিপ ড্ৰাইভ হ’ল এইচডিএফচি বেংকৰ তৎকালীন বাহন ঋণৰ সুবিধা যি,গ্ৰাহকসকলৰ বাবে পূৰ্ব অনুমোদিত অফাৰৰ সৈতে বিশেষভাৱে উপলব্ধ। মাত্ৰ ১০ চেকেণ্ডৰ ভিতৰতেই বাহন ঋণৰ সুবিধা প্ৰদান কৰিব পৰা এই জিপ ড্ৰাইভ হ’ল ভাৰতৰ দ্ৰুততম অনলাইন ঋণ প্ৰদান কৰিব পৰা ব্যৱস্থা। কভিড’১৯ ৰ বিভীষিকাই গ্ৰাহক সকলৰ জীৱনশৈলী আৰু চাহিদাৰ নমুনা সামাজিক ব্যৱধানৰ দূৰত্ব সপক্ষে পৰিবৰ্তিত কৰিছে। সেয়ে জিপ ড্ৰাইভৰ সমাধানে গ্ৰাহক সকলক পূৰ্ব অনুমোদিত ঋণৰ সৈতে ঘৰত বহিয়েই নেট বেংকিং, অথবা ফোন বেংকিঙৰ জৰিয়তে সুৰক্ষিতভাৱে বাহন ঋণ লাভ কৰাৰ স্বতন্ত্ৰতা প্ৰদান কৰিব পাৰে। এই সন্দৰ্ভত এইচডিএফচি বেংকৰ ৰিটেইল লেণ্ডিঙৰ দেশীয় মুৰব্বী অৰৱিন্দ কপিলে কয়”-জিপ ড্ৰাইভ তৎকালীন বাহন ঋণে গ্ৰাহক সকলক বেংকৰ পৰা আকৰ্ষণীয় মূল্য তথা চৰ্ত সাপেক্ষে বাহন ঋণ পোৱাৰ সুবিধা প্ৰফান কৰিব। ইয়াৰ জৰিয়তে কেৱল মাত্ৰ এটা ক্লিকৰ জৰিয়তে আমি গ্ৰাহক সকলক তেওঁলোকৰ ঘৰৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিবলৈ সমৰ্থ হৈছো”। উল্লেখযোগ্য যে, গ্ৰাহক সকলে https://youtu.be/Abjji_UtUz8 ত ক্লিক কৰি এই বিষয়ে অধিক তথা লাভ কৰিব পাৰিব।