এইচডিএফচি বেংকৰ চিএছচি একাডেমীৰ ঋতুস্ৰাৱ সম্বন্ধীয় স্বাস্থ্যবিধি পদক্ষেপৰ প্ৰতি সমৰ্থন

105

এইচডিএফচি বেংকে দেওবাৰে গ্রামঞ্চলৰ মহিলাসকলৰ ঋতুস্ৰাৱ সম্বন্ধীয় স্বাস্থ্যবিধি তথা অনাময়ৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় ‘স্ত্ৰী স্বাভিমান’ শীর্ষক এক কাৰ্যসূচীৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বিষয়ে ঘোষণা কৰে। এই অভিযান মুকলি কৰে ভাৰত চৰকাৰৰ সাধাৰণ সেৱা কেন্দ্ৰৰ চিএছআৰ সহযোগী চিএছচি একাডেমীয়ে। চিএছচিৰ সমগ্ৰ ভাৰততে থকা নেটৱৰ্কৰ জৰিয়তে জনসাধাৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা হয়। বেংকটোৱে উক্ত পদক্ষেপটোৰ বাবে সাধাৰণ সেৱা কেন্দ্ৰৰ সৈতে সহযোগিতা স্থাপন কৰিছে। কাৰ্যসূচীটোৰ অংশ হিচাপে চিএছচি একাডেমীয়ে সমগ্ৰ দেশতে ১,০০০ টা ছেনিটেৰী নেপকিন প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰিছে। এই ইউনিট সমূহে গ্রামাঞ্চলৰ মহিলা সকলক নিয়োজনৰ সুবিধা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ এলেকাত বিতৰণ সংখ্যাও দুগুনলৈ বৃদ্ধি কৰিছে। এইচডিএফচি বেংকে ২৫,০০০ ত কৈও অধিক মহিলাৰ ঋতুস্ৰাৱ স্বাস্থ্যবিধি সম্বন্ধীয় সমৰ্থন আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই সন্দৰ্ভত এইচডিএফচি বেংকৰ চৰকাৰী আৰু আনুষ্ঠানিক ব্যৱসায়, ই-কমার্চ এ
আৰু ষ্টাৰ্ট-আপ ৰ দলীয় মুৰব্বী স্মীতা ভগতে কয়’-গ্রামাঞ্চলৰ ছোৱালী আৰু মহিলা সকলক ঋতুস্ৰাৱৰ স্বাস্থ্য-বিধি সন্দৰ্ভত শিক্ষা প্ৰদান তথা তেওঁলোকৰ মাজত সজাগতা স্থাপন আৰু পৰিবেশ অনুকূল ছেনিটাৰী নেপকিনৰ উপলব্ধ কৰোৱাটো সময়ৰ আহ্বান হৈ পৰিছে। আমি এই মহিলা সকলৰ জীৱন পৰিৱৰ্তন কৰিবলৈ সক্ষম হ’ম বুলি বিশ্বাসী”।