ঋষিকেশত যোগৰ প্ৰশিক্ষণ দিয়া মাৰ্কিন মহিলা প্ৰশিক্ষকক বলাৎকাৰ…

144

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ এতিয়া হাথৰস কাণ্ডক লৈ উত্তাল। তাৰ মাজতে দেশত দৈনিক সংঘটিত হৈছে আন বহু বলাৎকাৰৰ ঘটনা। শেহতীয়াকৈ পূণ্যতীৰ্থ ভূমি ঋষিকেশত যোগ প্ৰশিক্ষক হিচাপে থকা এগৰাকী ৩৭ বৰ্ষীয় মাৰ্কিন মহিলাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় এজন যুৱকৰ বিৰুদ্ধে।

মাৰ্কিন মহিলাগৰাকীৰ অভিযোগ অনুসৰি যোৱা ৫ ছেপ্তেম্বৰত অভিনৱ ৰয় নামৰ এজন পাষণ্ডই তেওঁৰ ঘৰৰ বেলকনি পাৰ হৈ কোঠাত প্ৰৱেশ কৰে আৰু বলাৎকাৰ কৰে। যুৱকজনে এই বিষয়ে কাৰোবাক কিবা ক’লে হত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছিল মাৰ্কিন মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ইপিনে ঋষিকেশৰ মুনি কে ৰেতে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, মাৰ্কিন মহিলাগৰাকীয়ে ড্ৰাগছ সেৱন কৰিছিল আৰু অভিযুক্ত যুৱকজনে মহিলাগৰাকীক ড্ৰাগছৰ যোগান ধৰি আহিছিল। ইয়াৰ পূৰ্বেও অভিযুক্তই মহিলাগৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰা বুলিও আৰক্ষীয়ে সদৰী কৰিছে।