ষ্টাফৰিপৰ্টাৰ, ১৩ জুন : শনিবাৰে প্ৰেছ বিবৃতি যোগে ইত্তেহাদ ফ্ৰন্ট,অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম,উপ-সভাপতি ৰুবুল আলী, সাধাৰণ সম্পাদক দ্বয় অধিবক্তা বাহাৰুল আমিন, অধিবক্তা দেৱান শ্বহিদুল ইছলামে যোৱা ১২মেত দিনা ঋতুপৰ্ণ পেগুক দিন দুপৰতে গুৱাহাটীৰ নুনমাটিত সাধাৰণ কথাতে বৰ্বৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সভাপতি নুৰ ইছলামে হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়৷
সংগঠন দুটায়ে মহানগৰীৰ মাজমজিয়াত দিন দুপৰত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাটোৱে মহানগৰীৰ নিৰাপত্তাৰ দিশৰ ফোফোলা সুৰূপ উদঙাই দিয়া বুলি অভিযোগ উত্থাপন কৰে৷
আনহাতে নুনমাটী আৰক্ষীয়ে চাৰি জনকৈ দোষীক কৰায়ত্ব কৰাৰ বাবে সলাগ লোৱাৰ লগতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখালৈ উক্ত হত্যাকাণ্ডৰ তদন্তৰ অৰ্পন কৰা বাবে ধন্যবাদ জনোৱাৰ লগতে নিহত ঋতুপৰ্ণ পেগুৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে ১০ লাখ টকাৰ সাহায্য প্ৰদানৰ আৰু গুৱাহাটী মহানগৰৰ নিৰাপত্তা কটকটীয়া কৰিবলৈ দাবী জনাইছেঁ ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে৷