ঋণৰ বোজা সহিব নোৱাৰি ৰাজপথত পেট্ৰ’ল ঢালি পত্নী-পুত্ৰৰ সৈতে আত্মহত্যাৰ চেষ্টা ব্যৱসায়ীৰ

77

ডিজিটেল ডেস্কঃ হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ নাগপুৰৰ এজন ব্যৱসায়ীয়ে পত্নী আৰু পুত্ৰৰ সৈতে ঘৰৰ পৰা ওলাই গ’ল। ৰাস্তাৰ মাজত থকা গাড়ীত জুই লগাই দিয়ে লোকজনে। জানিব পৰা মতে, ঋণৰ বোজাৰ বাবে তেওঁ পৰিয়ালৰ সৈতে আত্মহত্যাৰ চেষ্টা চলাইছিল। এই ঘটনাত মৃত্যু হয় ব্যক্তিজনৰ। সংকটজনক অৱস্থাত তেওঁৰ পত্নী আৰু সন্তানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

নগপুৰৰ খাপৰি পুনৰ্বাসন অঞ্চলত সংঘটিত হৈছে এই ঘটনা। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এই ভয়ংকৰ দৃশ্য। গাড়ীৰ কাষতে আধা জ্বলা অৱস্থাত পৰি আছে এগৰাকী মহিলা আৰু এজন যুৱক। পথচাৰীসকলে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম ৰামৰাজ গোপালকৃষ্ণ ভাট। বয়স ৫৮ বছৰ। তেওঁ এজন ব্যৱসায়ী। তেওঁৰ পত্নী সংগীতা ভাট (৫৫) আৰু পুত্ৰ নন্দন ভাট (৩০)ক জ্বলা অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষী ৰামৰাজৰ ঘৰৰ পৰা আত্মহত্যা কৰা নোটখন উদ্ধাৰ কৰা হয়। তাত ব্যৱসায়ীজনে বজাৰত বহুত ঋণৰ সন্মুখীন হোৱা বুলি কয়। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহত্যাৰ সিদ্ধান্ত লয়।

ৰামৰাজে আত্মহত্যাৰ চেষ্টা কৰিছিল যদিও তেওঁৰ পত্নী আৰু পুত্ৰই গোটেই কথাটো গম নাপালে। তেওঁ সেইদিনা হোটেলত দুপৰীয়াৰ আহাৰ খাবলৈ পত্নী-পুত্ৰৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু পুনাৰৱাসন অঞ্চলৰ তুলনামূলকভাৱে খালী ঠাই পোৱাৰ লগে লগে তেও গাড়ীখন ৰখাই দিয়ে। ইয়াৰ পিছত তেওঁ নিজৰ লগতে পত্নী আৰু পুত্ৰৰ ওপৰত পেট্ৰ’ল ঢালিবলৈ ধৰিলে। পত্নী আৰু পুত্ৰই কিবা গম পোৱাৰ আগতেই গাড়ীত জুই লগাই দিয়ে। জুইত জাহ যায় গাড়ীখন।

মাতৃ-পুত্ৰই কোনোমতে গাড়ীৰ পৰা নামিবলৈ সক্ষম হয়। যদিও তেতিয়ালৈকে সেইবোৰ জ্বলাই দিয়া হৈছে। সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে। জুইত ৰামৰাজৰ মৃত্যু হয়। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।