দেশজুৰি শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। তদুপৰি মা লক্ষ্মীৰ পূজাৰ আনন্দইও জীপাল কৰিছে উৎসৱৰ বতৰ। তাৰ মাজতে কোভিড সংক্ৰমণৰ নিম্নগামী হাৰে সকাহ দিছে দেশবাসীক। ২০৩ দিনৰ পিছত দেশত সৰ্বনিম্ন হৈছে কোভিড সংক্ৰমণ। অৱশ্যে, কালিৰ পৰা দেশৰ দৈনিক কোৰোনা সংক্ৰমণ সামান্য বৃদ্ধি পাইছে। আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। প্ৰায় সাত মাহৰ পিছত, কোভিড গ্ৰাফ ২০,০০০-ৰ তললৈ নামিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশত ১৮,৮৩৩ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে আৰু এই সময়ছোৱাত ২৪,৭৭০ জন আৰোগ্য হৈছে। এই সময়ত, কোৰোনাই ২৭৮ জন লোকৰ প্ৰাণ কাঢ়িছে। দেশখনৰ কোৰোনাত মৃত্যুৰ সংখ্যা হৈছে ৪,৪৯,৫৩৮ জন।
ভাৰতত বৰ্তমান সুস্থতাৰ হাৰ ৯৭.৯৩ শতাংশলৈ বৃদ্ধি পাইছে। এই মুহূৰ্তত দেশত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ২৪৬,৬৭৮ জন। আনহাতে, কেৰালাতো সংক্ৰমণ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত ৮,৮৫০ জন লোক ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ১৪৯ জন লোকৰ মৃত্যু ঘটে।
