দুৰ্নীতিগ্ৰস্ত আবকাৰী বিষয়া হিমানজ্যোতি বৰাৰ নগাঁওস্থিত বিলাসী ফ্লেটত অভিযান চলায়। দুৰ্নীতিগ্ৰস্থ বিষয়গৰাকীৰ অবৈধ সম্পত্তিৰ তালিকা বিচাৰি তৎপৰ হৈছে নগাঁও আৰক্ষী।
উল্লেখ্য যে, আবকাৰী বিভাগত ব্যাপক ৰাজত্ব চলোৱা হিমানজ্যোতি বৰাক কোকৰাঝাৰত উৎকোচসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে শুকুৰবাৰে নিশা বিষয়জনৰ নাইট এংগল এপাৰ্টমেণ্টত থকা বিলাসী ফ্লেটটোত অভিযান চলায় নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে।
অৱশ্যে অভিযানত কোনো নগদ ধন অথবা আপত্তিজনক তথ্য পাতি উদ্ধাৰ হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে। উল্লেখযোগ্য যে, হিমানজ্যোতি বৰাই নগাঁৱতো দীৰ্ঘদিন ধৰি আবকাৰী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।