উলুবাৰী – ফাচীবজাৰ পৰিদৰ্শন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰঃ অমৃত ভান্ডাৰৰ সামগ্ৰী বিতৰন অনুষ্ঠানত সহযোগ কৰিলে মন্ত্ৰী ভট্টাচাৰ্যই ঃ

103

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীত লকডাউন অব্যাহত থকাৰ সময়তে বিগত কেইবাদিনো ধৰি বৰষুণ দি থকাৰ ফলত মহানগৰীৰ বিভিন্ন স্হানত কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ মহানগৰীৰ উলুবাৰী স্হিত বৰঠাকুৰ মিলৰ ৭-৮ নং উপ পথত কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ দুইদিন ধৰি পানীৰে উপচি আছে পথচোৱা ৷ যাৰবাবে অঞ্চলবাসী ৰাইজে যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবেই আজি স্হানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য দিনৰ ১০ বজাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ লগতে নলা – নৰ্দমা সমুহ পৰিস্কাৰ কৰাৰ বাবে গুৱাহাটী পৌৰনিগমক নিৰ্দেশ প্ৰদান ৷ তাৎক্ষণিক ভাবে দুটা পাম্পেৰে পানী নিস্কাষন কৰাৰ ব্যৱস্থা গ্ৰহন কৰে ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে উত্তৰ পুৰ্বাঞ্চলৰ বানিজ্যিক কেন্দ্ৰ ফাছীবজাৰত উপস্থিত হৈ ব্যৱসায় প্ৰতিষ্ঠান সমুহত চাদেন
ভিজিত দিয়ে ৷ লকডাউনৰ সময়ছোৱাত যাতে স্বাস্থ্য বিভাগে আৰোপ কৰা নীতিনিয়ম কোনো ব্যৱসায় প্ৰতিষ্ঠানে ভংগ নকৰে তাৰ বাবেই ব্যৱসায়ী সকলক সতৰ্ক কৰি দিয়ে ৷ ইপিনে অমৃত ভান্ডাৰ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান খনে লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিয়ে ৷প্ৰতিষ্ঠান খনে অতি দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল , দাইল, আটা , আলু , মিঠাতেল বিতৰন কৰে ৷ সামগ্ৰী বিতৰন অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজাববীয়াকৈ অমৃত ভান্ডাৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠানক এই কাৰ্যসূচীৰ বাবে সাহৰ্য্য আগবঢ়াই ৷ সামাজিক দুৰত্ব প্ৰতি লক্ষ্য ৰাখি সামগ্ৰী বিতাৰন অনুষ্ঠান আয়োজিত হৈছে ৷ এই অনুষ্ঠানত প্ৰায় দহ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী বিতৰন কৰে ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিত ফাছীবজাৰৰ ব্যৱসায়ী সকলৰ লগতে অঞ্চলবাসী ৰাইজে যঠেষ্ট আনন্দিত হৈ পৰে বুলি একাংশ স্হানীয় ৰাইজে নিজৰ মত ব্যক্ত কৰে ৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই সন্দৰ্ভত কয় যে লকডাউনৰ ফলত বহুতো দুখীয়া মানুহে খাদ্যসামগ্ৰীৰ সমস্যাৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবেই অমৃত ভান্ডাৰৰ তৰফৰ পৰা প্ৰতি দিনে ৰন্ধা খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷ ইয়াৰ মাজতে আজি অত্যাবশ্যাকীয় সামগ্ৰী যোগন ধৰিছে দৰিদ্ৰ পৰিয়ালৰ মাজত ৷এই মানবীয়তাৰ বাবেই অমৃত ভান্ডাৰৰ স্বত্বাধিকাৰীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ভট্টাচাৰ্যই ৷ উল্লেখ্য যে সামগ্ৰী বিতাৰন অনুষ্ঠানত ফাছীবজাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে মন্ত্ৰী গৰাকীৰ অ’ এছ ডি নাৰায়ন আগৰৱাল , ডিচিপি সহ কেইবাগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত থাকে ৷