অহা ৩০ অক্টোবৰত অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ ৫ টা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব ইতিমধ্যে অন্ত পৰিছে। গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নী, থাওৰা আৰু তামূলপুৰ সমষ্টিৰ উপ নিৰ্বাচনত এইবাৰ ভাগ্য নিৰ্ণয় হব মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ। কোনে কোন সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে, সেয়ে এনে ধৰণৰ-
২৮ নং গোসাইগাঁও সমষ্টি:
১. জিৰোন বসুমতাৰী, ইউনাইটেড পিপ’লছ পার্টী লিবাৰেল
২. ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, বড়োলেণ্ড পিপলছ ফ্ৰন্ট লিবাৰেল
৩. জুৱেল টুডু, ভাৰতীয় জাতীয় কংগ্ৰেছ
৪. খাইৰুল আনাম খণ্ডকাৰ, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰন্ট
৫. ছৈয়দ আলী শ্বেখ, গণ সুৰক্ষা পাৰ্টী ইণ্টাৰনেচনেল
৬. আব্দুল হাছেম আকন্দ, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল
৭. হাকিউলিয়াচ বসুমতাৰী, নির্দলীয়
৮. নৰ বসুমতাৰী, নির্দলীয়
৯. উত্তম কুমাৰ তালুকদাৰ, নির্দলীয়
১০. কমল ৰয়, নির্দলীয়
১১. উত্তম কুমাৰ মজুমদাৰ, নির্দলীয়
১২. ওছমান গনি শ্বেখ, নির্দলীয়
১৩। বাবুলাল বেছৰা, নির্দলীয়
১০১ নং মৰিয়নী সমষ্টি:
১. ৰূপজ্যোতি কুৰ্মী, ভাৰতীয় জনতা পাৰ্টী
২. লোহিত কোঁৱৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ
৩. গোপাল চন্দ্ৰ ঘাটোৱাৰ, অসম সংগ্ৰামী মঞ্চ
৪. সঞ্জীৱ গগৈ, নির্দলীয়
৪১ নং ভৱানীপুৰ সমষ্টি:
১. ফণীধৰ তালুকদাৰ, ভাৰতীয় জনতা পাৰ্টী
২. শৈলেন্দ্ৰ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ
৩. জুব্বেৰ আলী, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰন্ট
৪. শিৱেন দাস, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল
৫. মেৰিজুল হক, ৰ’ড মেপ পার্টী
৬. ছৌকত আলী আহমেদ, নির্দলীয়
৭. খাম্ফা খুংগুৰ গয়াৰী, নির্দলীয়
৮। আৰিফুল ইছলাম, নির্দলীয়
১০৭ নং থাওৰা সমষ্টি:
১. সুশান্ত বৰগোঁহাই, ভাৰতীয় জনতা পাৰ্টী
২. মনোৰঞ্জন কোঁৱৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ
৩. কৃষ্ণ গগৈ, কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া
৪. ধৈৰ্য্য কোঁৱৰ, নির্দলীয়
৫. লোহিত গোৱালা, নির্দলীয়
৫৮ নং তামুলপুৰ সমষ্টি:
১. জলেন দৈমাৰী, ইউনাইটেড পিপ’লছ পার্টী লিবাৰেচন
২. ভাস্কৰ দাহাল, ভাৰতীয় জাতীয় কংগ্ৰেছ
৩. ব্ৰজেন্দ্ৰ নাথ ডেকা, গণ সুৰক্ষা পাৰ্টী
৪. ৰাজকুমাৰ বড়ো, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল
৫. ইমানুৱেল মুছাহাৰী, নির্দলীয়
৬. গণেশ কছাৰী, নির্দলীয়
৭. চণ্ডী বসুমতাৰী, নির্দলীয়
৮. দেবেন বড়ো, নির্দলীয়
৯. যশোৱন্ত চৌহান, নির্দলীয়
প্ৰণিধানযোগ্য যে, অহা ১১ অক্টোবৰত সম্পন্ন হব মনোনয়ন পৰীক্ষা। মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম তাৰিখ হৈছে ১৬ অক্টোবৰ। ৩০ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ২ নৱেম্বৰত ঘোষণা কৰা হব ফলাফল।
