অসম বিধানসভা উপ নিৰ্বাচনত ৫ খন আসনতে বিজয়ী শাসকীয় বিজেপি মিত্ৰজোঁট। আজি অনুষ্ঠিত ভোট গণনাত তিনিখন আসনত বিজেপি প্ৰাৰ্থী আৰু দুখনত সহযোগী দল ইউপিপিএলৰ প্ৰাৰ্থী জয়ী হয়। অৱশ্যে নিৰ্বাচনৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
নিৰ্বাচনৰ ফলাফলত থাওৰা, ভৱানীপুৰ আৰু মৰিয়নী সমষ্টিত বিজেপি প্ৰাৰ্থী ক্ৰমে- সুশান্ত বৰগোঁহাই, ফণীধৰ তালুকদাৰ আৰু ৰূপজ্যোতি কুর্মীয়ে অভিলেখ সংখ্যক ভোটত বিজয় সাব্যস্ত কৰে। আনহাতে গোসাঁইগাঁও আৰু তামূলপুৰ সমষ্টিত জয়ী হয় ইউপিপিএলৰ প্ৰাৰ্থী।
গোসাইগাঁৱত ইউপিপিএলৰ প্ৰাৰ্থী জিৰোন বসুমতাৰীয়ে ২৭,৯৩৬ টা ভোটত জয়ী হয়। জিৰন বসুমতাৰীয়ে ৫৮,২৭৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডুৱে ৩০,৩৪২ টা ভোট লাভ কৰে।
