উন্নয়নশীল চৰকাৰৰ ফোঁপোলা স্বৰূপ

135

উন্নয়ন মূলক চৰকাৰে কিমান যে উন্নয়ন মূলক কাম কৰিছে সেয়া আপুনি নিশ্চিত ভাবে জানে।

উন্নয়নশীল চৰকাৰ খনে যিমানে হৰ ঘৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিম বুলি শ্লোগান নিদিওক কিয় বহু ঠাইত কিন্তু আজি পৰ্যন্ত এটুপাল বিশুদ্ধ খোৱাপানী অভাৱত জীয়াটো ভুগিছে।

হয় লামডিং সমষ্টিৰ অন্তৰ্গত নখুটিৰ ২ নং চাকেবস্তীৰ কেইবাখনো অঞ্চলৰ ৰাইজে কেইবাটাও বছৰৰ পৰা ভুগি আছে বিশুদ্ধ খোৱা পানীৰ অভাৱত ।

লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ ওচৰত ৰাইজে কেইবাবাৰো আবেদন কৰিছিল খোৱা পানীৰ সমস্যা লৈ , কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আজি স্থানীয় ৰাইজে ।

যাৰ কাৰণে বৰ্তমান বিদ্যালয়ত যোৱা ছাত্ৰ ছাত্ৰীসকলৰ এই অশুদ্ধ পানী খাই অসুস্থ হৈ পৰিছে ।

জানিব পৰা মতে শিশুসকল বৰ্তমান কাৰোবাৰ হাত আন কাৰোবাৰ ভৰি অচল হৈ পৰিছে ।

আজি স্থানীয় ৰাইজে কান্দি কান্দি অসম মুখ্যমন্ত্ৰী লৈ আহ্বান কৰিছে নখুটিৰ ২নং চাকেবস্তীৰ পানীৰ সমস্যাৰ সমাধান কৰিবলৈ ।

চৰকাৰ বা লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই চকু দিব নে ?

নে আৰু কণ কণ ল’ৰা ছোৱালীৰ ভবিষ্যত অন্ধকাৰৰ পথলৈ ঠেলি দিব । সেয়া হ’ব সময়ত লক্ষণীয় ।