উদ্ধৱ ঠাকৰে আৰু প্ৰধানমন্ত্ৰীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে, কিন্তু ৰাজনীতি পৃথক বিষয়ঃ সঞ্জয় ৰাউট

99

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ মাজত এতিয়াও এক ঘনিষ্ঠ সম্পৰ্ক আছে। -এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে। অৱশ্যে এই সম্পৰ্কৰ মাজত ৰাজনীতি এক পৃথক বিষয় বুলি কয় সাংসদগৰাকীয়ে।

উল্লেখ্য যে, যোৱা ৮ জুনত মহাৰাষ্ট্ৰৰ বিভিন্ন দিশ আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে। তেওঁলোকে প্ৰায় ৪০ মিনিট বাৰ্তালাপ কৰিছিল। ইফালে এই সাক্ষাতৰ পিছতে শিৱসেনা পুনৰ বিজেপিৰ মিত্ৰজোঁটলৈ আহিব বুলি চৰ্চা আৰম্ভ হৈছিল। এই চৰ্চা সন্দৰ্ভত এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত সঞ্জয় ৰাউটে কয় যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপক লৈ এনে চৰ্চা চলোৱাৰ প্ৰয়োজন নাই। শিৱসেনা আৰু বিজেপিৰ পথ বেলেগ বেলেগ। কিন্তু ঠাকৰে পৰিয়াল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে।

প্ৰণিধানযোগ্য যে, শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছত মহাৰাষ্ট্ৰত এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিলি ত্ৰিদলীয় চৰকাৰ গঠন কৰিছিল। এই চৰকাৰৰ মুখ্যমন্ত্ৰী হৈছিল উদ্ধৱ ঠাকৰে। কিন্তু সময়ে সময়ে কংগ্ৰেছ-এনচিপি আৰু শিৱসেনাৰ মাজত চলা ভিতৰুৱা সংঘাতে মহাৰাষ্ট্ৰত চৰকাৰ ভংগ হোৱাৰ আশংকাও বঢ়াই আহিছে। তেনে সময়তে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাত বিজেপিৰ সৈতে পুনৰ শিৱসেনা মিত্ৰতালৈ আহিব বিচৰা বুলি চৰ্চা চলিছিল।