ষ্টাফৰিপোৰ্টাৰ, ২০ মে’: গুৱাহাটী খানাপাৰা নিবাসী উদীয়মান যুৱক ধৰণী কলিতাৰ বুধবাৰে নলবাৰী জিলাৰ কালাগৰ নিজ বাসভৱনত ৩৭ বছৰ বয়সত মৃত্যু ঘটে৷ ব্যৱসায়সুত্ৰে গুৱাহাটীত বসবাস কৰা ধৰণী কলিতা কিছুদিনধৰি অসুখত ভুগি আছিল আৰু বিশ্ৰামৰ বাবে কালাগৰ ঘৰতে চিকিৎসা কৰি আছিল যদিও পেটৰ বিষ বেছি অনুভৱ কৰাত নলবাৰী হাস্পটালত চিকিৎসা কৰি ঘৰলৈ উভতি অহাৰ পিছতে মৃত্যু ঘটে৷
কলিতাৰ মৃত্যুৰ সময়ত সহধৰ্ম্মিণীসহ ১১ বছৰীয়া পুত্ৰ সন্তান, মাতৃ পিতৃ,ভ্ৰাতৃ ভগ্নী,ইষ্ট কুটুম্বক এৰি থৈ যায়৷
ধৰণী কলিতাৰ মৃত্যুত প্ৰেছ ক্লাব অসমৰ সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতা, মুক্ত সাংবাদিক সংস্থা অসমৰ সভাপতি বাণীবিক্ৰম শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷